Tuesday, June 16, 2020

অচিনাকি


ইয়াতো একেখনেই আকাশ
কিন্তু নাই সেই নৈপৰীয়া আবেলিটোৰ
চিনাকি গোন্ধ...
ইয়াতো আহিছে বহাগ
কংক্ৰীটৰ দলিচা বগাই
কিন্তু নাই সেই আঁহতপাতৰ খৰখৰণি
নতুবা বহাগী কপৌপাহিৰ ভৰপক যৌৱন
ধূলিয়ৰি বাটত বিচাৰি হাবাথুৰি খাও
চিনাকি বকুলতলৰ উশাহ
মেঘে ধকা আকাশে আমনি কৰে
বিচাৰি চিনাকি নৈৰ আলিংগন
ঐ বাউলী বৰদৈচিলা
ক'লৈ উৰুৱাই নিলি তই
নৈপৰীয়া সেই আঠলতীয়া সপোন...


© Pranjit Kalita

Wednesday, January 11, 2012

যাযাবৰ (অসমৰত্ন ড০ ভূপেন হাজৰিকাৰ পৱিত্ৰ ষ্মৃতিত)




তলসৰা পাতবোৰ গছকি

তেওঁ গ'লগৈ...

নৱ বসন্তৰ মন্ত্ৰ আওঁৰাই

তেওঁ গ'লগৈ...

এজাক বৰষুণে বিদায় দিলে তেওঁক

অঘৰী হ'ল শব্দবোৰ

সুৰৰ অৱৰ্তমানত...

বিষ্ণু ৰাভা,পল ৰবছন,নেলছন মেণ্ডেলা...

জাতিক বন্ধা এনাজৰী

মানৱতাৰ গান গাই গ'লগৈ

মাটিৰ প্ৰেমিক যাযাবৰ শিল্পী

মহাশূণ্যৰ উপগ্ৰহৰ

মৰম আশীষ বিচাৰি...



© Pranjit Kalita

Saturday, October 8, 2011

নাৱৰীয়া


হেৰ' নাৱৰীয়া
ক'লৈনো মেলিছ দিঙা...
পশ্চিমৰ বেলিতো লাজতে ৰঙচুৱা
কি যাদু বাৰু কৰিলি তই
বাউল গীতৰ সুৰে সুৰে
চিৰ প্ৰবাহিনীৰ বুকুত
তোৰ বঠাৰ চেও...
তোৰ গীতৰ সুৰত কৰবাত গলিছে সময়
সময়...আতৰি গ'লে আৰু যে নাহে দুনাই...
তোৰ দৰে বাউল গীত গাই
বঠাৰে চেও লগাই...


© Pranjit Kalita

Tuesday, February 15, 2011

গোলাপ


তোমাৰ বাগিচাৰ গোলাপজোপা
বৰ ৰঙাকৈ ফুলিছে
নিয়ৰৰ বৰষুণত তিতিছে
গোলাপজোপাৰ কুমলীয়া পাতবোৰ...
প্ৰভাতী বেলিৰ স্পৰ্শত
জিলিকি উঠিছে
সদ্যস্নাতা গোলাপৰ এমুঠি সেউজীয়া...

© Pranjit Kalita

Wednesday, April 14, 2010

ধপধপনি


দুখৰ ঢৌত
উটি ভাহি ফুৰিছে
এটি হেৰুৱাই পোৱা ধপধপনি
সুখৰ বতাহজাক বিচাৰি ফুৰা
এটি আহত ধপধপনি
নিজক দোষী বুলি ভাবিও
সুখী হ'ব খুজিছে সি
অস্তিত্বহীন সুখৰ বতাহজাকৰ সন্ধানত
চলাথ কৰি খালী সুৰাৰ গ্লাচ...


© Pranjit Kalita

Friday, April 9, 2010

Bhaagorua


bondho kothat chitkar korise
mrityumukhi ostitwo
kaakhor ghahonit
atop-dutopkoi sorise niyoror top
chotalkhon haalodhiya hoi porise
debodarur sukaan paator bhorot
ghune khaise puroni baahor jeora
uoli jua duarkhon khol khua naai bohudin
osorere paar hoi goise national highway
jaan-baahonor kolaholot
kopi uthise bondho kothato
nithor hoi pori roise maatho
ati jothor xorir...


© Pranjit Kalita

Thursday, April 1, 2010

Mahaanagar


Bhir theli aaguaise
bysto raajpoth...
kaaxot usupi rua bidirno footpaath
xurhinotar concretere soja
akhon xobdomoi mahaanagar
dhoa dhulir kaaragarot handcuff logai thoa
sontrosto megh...
jen ondhokaar kuthrit aaboddho
protibaadi kontho
five star hotelor air conditioned kothar berot
ulomi roise Vermeeror "The milkmaid"
a.c.'r hawat uri furise black labelor xugondhi...
dunlopor bisonaat karobar bubhukhyu kamonat
chitkaar kori utha bhokatur pet
aiyaito mahaanagar
aahoto hejaar chitkar nissup hoi roi
eyar rongin nixaboror
oslil chiorot...
chariofale bhixon byostota ai mahaanagarot
secendor katadalo thor hoi robo khuje
ketiyaba ai byostotaar dialot...


© Pranjit Kalita